৮১ নং শদিয়া বিধানসভা সমষ্টিৰ বাবে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বলিন চেতিয়া, AJP দলৰ মনোনীত প্ৰাৰ্থী জগদীষ ভূঞা, নিৰ্দলীয় প্ৰাৰ্থী ললিত দেউৰী, আব্ৰাহাম তীৰ্কী আৰু দিলীপ বৰগোঁহয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।*
৮২ নং ডুমডুমা সমষ্টিৰ বাবে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰুপেশ গোৱালা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দূৰ্গা ভূমিজে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ বাবে ভাৰতীয় জনতা দলৰ মনোনীত প্ৰাৰ্থী ভাষ্কৰ শৰ্মা, ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী ৰাহুল চেত্ৰী আৰু ঝাৰখণ্ড মুক্তি মৰ্চা দলৰ মনোনীত প্ৰাৰ্থী জাৰ্নেল মিঞ্জেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
৮৪ নং ডিগবৈ সমষ্টিৰ বাবে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী সুৰেন ফুকন, নিৰ্দলীয় প্ৰাৰ্থী লক্ষেশ্বৰ মৰাণ, নিৰ্দলীয় (ৰাইজৰ দল) প্ৰাৰ্থী দুলাল মৰাণ, তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জিতেন নাগ, ঝাৰখণ্ড মুক্তি মৰ্চাৰ মনোনীত প্ৰাৰ্থী ভৰত নায়কে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।*
৮৫নং মাকুম সমষ্টিৰ বাবে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী সঞ্জয় কিষাণ, কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱনাথ চেতিয়া, তৃণমূল কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দিলীপ মৰাণ, নিৰ্দলীয় প্ৰাৰ্থী পদ্মকান্ত চুতীয়া আৰু লক্ষ্য জ্যোতি ৰাজখোৱাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।*
৮৬নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ বাবে বিজেপি দলৰ প্ৰাৰ্থী পুলক গোহাঁই, কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডেভিদ ফুকন, নিৰ্দলীয় প্ৰাৰ্থী জিণ্টু বৰা, ভইৰওঁ ভগত, গোবিন্দ জৈশ্ৰে, জনী কিৰণ নায়ক আৰু লালন চাহানী আৰু ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া দলৰ মনোনীত প্ৰাৰ্থী ইজৰেল নন্দাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *