মাকুম, 2 এপ্ৰিল: প্ৰতি বছৰে এক এপ্ৰিলৰ দিনা মাকুম পি এম শ্ৰী গোপাল কৃষ্ণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী ,প্রাক্তন শিক্ষক- শিক্ষয়িত্ৰীসকলৰ যি সকলৰ বিদেহী পিতৃ- মাতৃ নতুবা স্বামী আছে সেই সকলৰ স্মৃতিৰে প্ৰতিটো শ্ৰেণী অৰ্থাৎ ক শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে শ্ৰেষ্ঠ স্থান লাভ কৰি উত্তীৰ্ণ হৈ অহা প্ৰতিগৰাকী ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকলৈ এক সমৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো আজি বিদ্যালয়খনত উক্ত সমৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি শ্ৰেষ্ঠ স্থান লাভ কৰি উত্তীৰ্ণ হৈ অহা ছাত্ৰী সকলক ক্ৰমে শিক্ষানুৰাগী সংগিনী কোঁৱৰ স্মাৰক শৈক্ষিক বঁটা ,মুকুট চন্দ্ৰ চক্ৰৱৰ্তী স্মাৰক শৈক্ষিক বঁটা ,চিৰেন্দ্ৰনাথ চুতীয়া স্মাৰক শৈক্ষিক বঁটা,পুষ্পলতা গগৈ স্মাৰক শৈক্ষিক বঁটা,মহেন্দ্ৰ ৰাজপুত স্মাৰক শৈক্ষিক বঁটা,দেৱেন্দ্ৰ নাথ গগৈ স্মাৰক শৈক্ষিক বঁটা,চৈয়দ বছিৰোল হুছেইন স্মাৰক শৈক্ষিক বঁটা ,বিচিত্ৰা বৰঠাকুৰ স্মাৰক শৈক্ষিক বঁটা,পুষ্প কুমাৰ দাস স্মাৰক শৈক্ষিক বঁটা,শিৱ প্ৰসাদ বৰপূজাৰী আৰু সুবৰ্ণী বৰপূজাৰী স্মাৰক শৈক্ষিক বঁটা,যোগেশ্বৰী বৰগোঁহাই স্মাৰক শৈক্ষিক বঁটা আৰু প্ৰাক্তন শিক্ষক শক্তিধৰ বৰগোহাঁই স্মাৰক শৈক্ষিক বঁটা প্ৰদান কৰা হয় । লগতে যিসকল ছাত্ৰীয়ে বিদ্যালয়খনত নতুনকৈ নাম ভৰ্তি কৰা হৈছে সেইসকলৰ অভিভাৱকলৈও আজিৰ অনুষ্ঠানতে আদৰণি জনোৱা হয় । এই শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে অনাগত দিনৰ শৈক্ষিক পৰিকল্পনা সমন্ধটো আজিৰ সভাত অৱগত কৰা হয় । অভিভাৱক সকলক আহিব লগা সময় খিনিত পূৰ্ণ সহযোগিতাৰে বিদ্যালয়খনৰ অগ্ৰগতিৰ শৈক্ষিক মূল্যায়ণৰ দিশত যিখিনি তেখেত সকলক সহায় সহযোগিতা লাগে সেইখিনিৰ কাৰণে অভিভাৱক সকলক বিনম্ৰ অনুৰোধ জনোৱা হয় । প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ নামত উসৰ্গিত এই বঁটা কেইটিয়ে অনাগত সময়ত প্ৰতিগৰাকী ছাত্ৰীয়ে এই বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লব বুলি সংবাদ মাধ্যমৰ জৰিয়তে আশা প্ৰকাশ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী দীপালি চক্ৰৱৰ্তীয়ে লগতে প্ৰতিকূল বতৰকো নেওচি অভিভাৱক সকল আহি উপস্থিত হোৱাত ধন্যবাদ জ্ঞাপন কৰে ।

